২০ বছৰে দূৰ নোহোৱা মহানগৰবাসীৰ পানীৰ সমস্যা কেতিয়া দূৰ হ'ব ? মুখ্যমন্ত্ৰীক প্ৰশ্ন AJPৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ, নুনমাটিত পৌৰ নিগমৰ নিৰ্বাচনী ৰণডংকা অজাপৰ ...

 


গুৱাহাটী পৌৰ নিগমৰ ৫৫ নম্বৰ ওৱাৰ্ডৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ অসম জাতীয় পৰিষদৰ ৷ দলৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে আৰম্ভ কৰিলে প্ৰচাৰ অভিযান ৷

এশ এবুৰি সমস্যাৰে জৰ্জৰিত গুৱাহাটীবাসী ৷ বিগত ২০ বছৰে দূৰ নহল গুৱাহাটীবাসীৰ খোৱাপানী সমস্যা ৷ প্ৰথমে গুৱাহাটী মহানগৰ উন্নয়ণ বিভাগৰ মন্ত্ৰী আৰু বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ তথাপি গুৱাহাটীবাসীৰ দূৰ নহল পানী সমস্যা ৷ ২০ বছৰে দূৰ নোহোৱা মহানগৰবাসীৰ পানী সমস্যা আৰু কিমান দিন লাগিব ! পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক প্ৰশ্ন জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ ৷ চান্দা সংস্কৃতিয়ে নিশেষ কৰিছে ৰাজ্যৰ উন্নয়ন ৷ ৰাজ্য চৰকাৰৰ চান্দা সংগ্ৰহৰ বাবে গুৱাহাটীবাসীয়ে পানী নোপোৱা বুলি গুৰুতৰ অভিযোগ ৷ আনপিনে লুইছ বাৰ্জাৰ কেলেংকাৰীৰ কথা সকলোৱে অৱগত বুলি তৎপৰ্য্যপূৰ্ণ মন্তব্য সভাপতিগৰাকীৰ ৷ ৫৫ নম্বৰ ওৱাৰ্ডৰ জাতীয় পৰিষদৰ প্ৰাৰ্থী মিণ্টু ৰাজবংশী ৷ কংগ্ৰেছ বিজেপিৰ মুঠ ৫ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাই মিণ্টুৰ জয় হ'ব বুলি দাবী গগৈ ৷ উল্লেখ্য যে পৌৰ নিগম নিৰ্বাচনত মুঠ ২৫ গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অসম জাতীয় পৰিষদে ৷ সভাপতিৰ দাবী আটাইকেইটা ওৱাৰ্ডত আমাৰ জয় নিশ্চিত ৷ দলৰ সভাপতিৰ এনে দাবীৰ বিপৰীতে কিমান প্ৰাৰ্থী জয় হয়, সেয়া সময়ত লক্ষণীয় হব ৷

Post a Comment

0 Comments