পুনৰ আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল! ছ'চিয়েল মিডিয়াত ভাইৰেল প্ৰশ্নকাকতক লৈ ৰহস্য


 অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ আগেয়ে প্ৰশ্নকাকত ফাদিল হৈছিল নেকি? এনে প্ৰশ্ন উত্থাপন হৈছে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা প্ৰশ্নকাকতক লৈ। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা (sub-inspector examination question paper) যোৱা ২৪ এপ্ৰিল দেওবাৰে অনুষ্ঠিত হৈছিল। উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ এদিন পিছতে পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে এইবাৰো প্ৰশ্নকাকত ফাদিল হৈছিল নেকি?

কিয়নো কালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতো জমা দি আহিব লগা হৈছিল পৰীক্ষাৰ্থীয়ে। পৰীক্ষা হলত আনকি মোবাইল নিয়াতো আছিল নিষেধাজ্ঞা। ছেবা কৰ্তৃপক্ষই অনুষ্ঠিত কৰা পৰীক্ষাত মোবাইলকে ধৰি ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰাৰ লগতে সকলো নিৰাপত্তামূলক ব্যৱস্থা লোৱা হৈছিল।

Post a Comment

0 Comments