সকলো মোবাইল এপক বিশ্বাস নকৰিব! হেকাৰৰ কৱলত পৰিছে অসমৰ বহু সাংবাদিক, আৰক্ষীৰ পৰা বিশিষ্ট ব্যক্তিলৈকে

 


শেহতীয়াকৈ অসমত ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে অনলাইন প্ৰবঞ্চনাৰ ঘটনা ৷ চক্ৰটোৱে বিভিন্ন এপৰ জৰিয়তে প্ৰলোভন দেখাই প্ৰথমে আৰম্ভ কৰে ব্লেকমেইল ৷ বিশেষকৈ অনলাইন ঋণ দিয়াৰ নামত বিভিন্ন প্ৰলোভন দেখাই ব্লেকমেইল আৰম্ভ কৰিছে প্ৰবঞ্চকৰ দলটোৱে ৷

প্ৰথমে ঋণ দিয়াৰ নামত গ্ৰাহকৰ নথি-পত্ৰ সংগ্ৰহ কৰে চক্ৰটোৱে ৷ তাৰ পাছত ঋণ দিয়াৰ বিপৰীতে আৰম্ভ কৰে ব্লেকমেইলিং৷ আৰু পিছত মিছাকৈ ঋণ লোৱা বুলি কৈ ঋণৰ ধন পৰিশোধ কৰিবলৈ দিয়ে মানসিক হেঁচা৷ ৷ দাবী কৰা ধন নিদিলে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই চক্ৰটোৱে ৷ আনকি ধৰ্ষণকাৰী, হত্যাকাৰী বুলি ভুৱা মেছেজো ভাইৰেল কৰে ৷

এই চক্ৰটোৰ জালত ভৰি থৈ ইতিমধ্য দিকবিদিক হেৰুৱাইছে অসমৰ বহু সাংবাদিক, আৰক্ষী, চিকিৎসকৰ লগতে সাধাৰণ লোকে ৷ বিচৰা ধন নাপালে মোবাইল হেক কৰি পৰিয়াল-বন্ধু-আত্মীয়লৈ অশ্লীল মেছেজ পঠিয়ায় ৷ কেৱল ইমানে নহয় বিভিন্ন নম্বৰৰ পৰা ফোন কৰি মানসিক হাৰাশাস্তিও প্ৰদান কৰি আহিছে চক্ৰটোৱে।

ইতিমধ্য বহু লোকে এই প্ৰৱঞ্চক দলটোৰ বিৰুদ্ধে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে যদিও বহুতে সন্মানৰ খাতিৰত ওলাই অহা নাই বাহিৰলৈ ৷ গতিকে আপুনিও হওক সাৱধান!

Post a Comment

0 Comments