ভোটাৰৰ ক্ৰমিক নম্বৰক লৈ ব্যাপক বিসংগতি, ভোট নিদিয়াকৈ ওলাই আহিছে বহুলোক!
-
April 21, 2022
আজি অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱাৰ পৰা
বিভিন্ন ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। পিছে ঠায়ে ঠায়ে ভোটাৰৰ ক্ৰমিত
নম্বৰকলৈ বিসংগতি হোৱাও পৰিলক্ষিত হৈছে।
- ভোটকেন্দ্ৰৰ তালিকাৰ সৈতে মিল নাই ৰাজনৈতিক দলে দিয়া তালিকাৰ। জিলা
নিৰ্বাচনী বিষয়াই প্ৰদান কৰা তালিকাত ধৰা পৰিছে এনে বিসংগতি। ফলত ভোটৰ
ক্ৰমিক নম্বৰ সমস্যাক লৈ বহুতে দিব পৰা নাই ভোট।
- আনকি বহু লোকে ভোট নিদিযাকৈ ওলাই অহাৰো অভিযোগ উত্থপিত হৈছে। হেঙৰাবাৰী মজলীয়া বিদ্যালয় ভোটকেন্দ্ৰত এই সমস্যাই দেখা দিছে।
0 Comments