হাইলাকান্দিত গুলীচালনাৰ ঘটনা, প্ৰতিৱেশীয়ে গুলীয়ালে এজন লোকলৈ, অভিযুক্তক গ্ৰেপ্তাৰ

 


হাইলাকান্দি জিলাৰ বিলাইপুৰ এলেকাত গুলীচালনাৰ ঘটনা। দুই প্ৰতিৱেশীৰ কাজিয়াৰ পিছতে এজন লোকে গুলীচালনা কৰে আনজন লোকলৈ। গুলীচালনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ডালিম উদ্দিন লস্কৰ নামৰ এজন লোকক। লগতে উদ্ধাৰ এটা হস্তনিৰ্মিত বন্দুক।

হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৰ বিলাইপুৰ এলেকাৰ পূৰ্ব বালিছেড়া গাঁৱত বৃহস্পতিবাৰ নিশা সংগঠিত হয় এই ঘটনা। গাঁৱৰ বাসিন্দা মজিবুৰ ৰহমান বড়ভূঞা নামৰ এজন লোকক গুলীয়ালে তেওঁৰে প্ৰতিৱেশী ডালিম উদ্দিন লস্কৰে। সামান্য টকাৰ বাবেই সংঘটিত হয় এই লোমহৰ্ষক ঘটনা।

মজিবুৰ নামৰ লোকজনে তেওঁ পাবলগীয়া টকা সোধাক লৈ ডালিম উদ্দিনৰ সৈতে কাজিয়াৰ সূত্ৰপাত হয়। পিছত ডালিম উদ্দিন লস্কৰে এটা হস্তনিৰ্মিত বন্দুকেৰে গুলীচালনা কৰে মজিবুৰ ৰহমান বড়ভূঞালৈ লক্ষ্য কৰি। হাতত গুলী লগাৰ ফলত আহত হয় মজিবুৰ। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ কৰে ডালিম উদ্দিন লস্কৰক।

অভিযুক্তৰ বিৰুদ্ধে লালা আৰক্ষী চকীত ১০৫/২২ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ আইনৰ ২৯৪, ৩২৬, ৩০৭ ধাৰাৰ অধীনত আৰু ইণ্ডিয়ান আৰ্মচ এক্টৰ অধীনত গুচৰ ৰজু কৰিছে আৰক্ষীয়ে। ইপিনে, আহত মজিবুৰ ৰহমান বড়ভূঞা বৰ্তমানে বিলাইপুৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন। তেওঁৰ হাতৰ উপৰৰ ভাগত লাগিছে গুলী।

Post a Comment

0 Comments