নতুন অসমীয়া বছৰ ৰাজ্যখনৰ বাবে অশুভ, মুখ্যমন্ত্ৰীকো দিলে বিশেষ পৰামৰ্শ!

 


বৰপেটা সত্ৰত বিহু গণনা৷ বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে আজি প্ৰসংগৰ পিছতে বৰপেটা সত্ৰত বিহু গণনা বা বৰ্ষফল গণনা কৰে৷ বিহু গণনা পাঠ শুনিবলৈ আজি বৰপেটা সত্ৰত বহুপসংখ্যক লোকৰ সমাগম হয়৷

দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কৰা গণনা অনুসৰি অসমৰ বাবে বছৰটো অশুভ বুলি কোৱা হৈছে ৷ অসম দেশৰ ৰাশি হ'ল কর্কট৷ ৰাশিফল মতে, তৃতীয় স্থানত চন্দ্ৰ পঞ্চমত কেতু, সপ্তম স্থানত শনি, অষ্টমত শুক্ৰ-মংগল, নৱমত বৃহস্পতি, দশমত ৰবি- বুধ, একাদশত ৰাহু অৱস্থান কৰাত বছৰতো ৰাজ্যখনৰ কাৰণে অনুকুল নহয়৷ কাৰণ শনিৰ পূৰ্ণদৃষ্টি আৰু ৮ জেঠৰ পৰা ৰাহু কৰ্মস্থানত আৰু কেতু বন্ধুস্থানত অৱস্থান কৰিব৷

এই বছৰটোত ৰাহু, কেতু আৰু শনিৰ দৃষ্টিৰ ফলত ৰাজ্যত যুদ্ধৰ পৰিবেশ দেখা যাব ৷ ৰাজ্যৰ প্ৰতিটো দলৰ মাজত বিবাদ সৃষ্টি হব। ৰাহু শনিৰ দৃষ্টিৰ ফলত যানবাহন, ৰেল, বিমান দূৰ্ঘটনা, ৰক্তপাত, অগ্নিদাহ বিস্ফোৰণ, হত্যা লুন্ঠন অপৰহণ, দূৰ্ঘটনা, হিংসাত্মক কার্য্য-চোৰাং কাৰবাৰ, গুপ্তঘাট আৰু সন্ত্রাসবাদী মুলক কার্য্য বৃদ্ধি পাব।

এই বছৰটো মঙ্গলে ৰাজত্বভাৰ লোৱাত বানপানী, শিলাবৃষ্টি, বজ্ৰপাত, ঘূৰ্ণীবতাহে দেশত অশান্তিত পৰিবেশ বিৰাজ কৰিব আৰু প্ৰাকৃতিক দূৰ্যোগ আৰু ভূমিকম্পৰ যোগে ক্ষতিৰ যোগ ৷

শনি, মঙ্গলৰ ফলত ৰাজনৈতিক, অর্থনৈতিক আৰু খাদ্য সংকটে দেখা দিব আৰু দ্ৰব্যমূল্য বৃদ্ধিয়ে জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব । ইপিনে কেতুৰ প্ৰভাৱত ৰাজনৈতিক নেতা, বিশিষ্ঠ লোকৰ বুদ্ধি নাশ যোগ পৰিলক্ষিত হৈছে। ছাত্ৰসন্থাৰ বিক্ষোভ, আন্দোলন আদি বৃদ্ধি পাব যদিও ৰাহুৰ কু-প্ৰভাৱত ছাত্ৰ সন্থাৰ মাজত বিভেদ সৃষ্টিৰ সম্ভাৱনা ৷

Post a Comment

0 Comments