দেশত কোৰোনাৰ চতুৰ্থ ঢৌৰ আশংকা! ২৯খন জিলাই বৃদ্ধি কৰিছে উদ্বেগ, শেহতীয়া পৰিস্থিতি ক'ত কেনেকুৱা?

 


দেশত পুনৰ কোৰোনা ভাইৰাছৰ ভাবুকি। সমগ্ৰ দেশতে কোৰোনা ভাইৰাছৰ প্ৰকোপ হ্ৰাস পাইছিল যদিও ই শেষ হোৱা নাছিল। এনে সময়তে এতিয়া ভাৰতত কোৰোনাৰ চতুৰ্থটো ঢৌৰ আগমনক লৈ চৰ্চা হোৱা দেখা গৈছে।

দেশত কোৰোনাৰ (Corona Virus) দৈনিক সংক্ৰমণৰ ঘটনা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বহুতো নিষেধাজ্ঞা উঠাই দিছিল। কিন্তু ইয়াৰ মাজতে কিছুমান ৰাজ্যত কোৰোনাৰ নতুন সংক্ৰমণৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে। কোৰোনাই দেশৰ ২৯খন জিলাত কিছু আশংকাৰ সৃষ্টি কৰিছে। যোৱা ২৮ দিনত দেশত ৫৪৭৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ হাজাৰ ৮৬৬ জন লোক সংক্ৰমিত হোৱা দেখা গৈছে। একে সময়তে, কোৰোনাৰ নতুন এক্স-ই প্ৰকাৰটোৱেও দেশত টোকৰ মাৰিছে, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰেও  সতৰ্ক অৱস্থালৈ আহিছে।

২৯খন জিলাত ৫%তকৈ অধিক সংক্ৰমণৰ হাৰ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশৰ ২৯খন জিলাত কোৰোনা নিয়ন্ত্ৰণহীন। অৰ্থাৎ, এই জিলাবোৰত ইতিবাচকতাৰ হাৰ ৫ শতাংশতকৈ অধিক।

কেৰালাৰ ১৪খন জিলাত ১০% ইতিবাচকতাৰ হাৰ

কোৰোনাৰ প্ৰভাৱ কেৰালাত দেশৰ ভিতৰতে সৰ্বাধিক দেখা গৈছে। ইয়াৰ ১৪খন জিলাত পৰিস্থিতি আটাইতকৈ বেয়া। এই সকলোবোৰ জিলাতে ১০ শতাংশতকৈও অধিক ইতিবাচকতাৰ হাৰ পোৱা গৈছে। অৰ্থাৎ, যদি ১০০জন লোকৰ পৰীক্ষা কৰা হৈছে, তেওঁলোকৰ ১০ জনতকৈ অধিক সংক্ৰমিত হোৱা দেখা গৈছে। একেদৰে, মিজোৰামৰ ৭খন জিলাত ইতিবাচকতাৰ হাৰ ১০ শতাংশতকৈ অধিক আৰু তিনিখন জিলাৰ ইতিবাচকতাৰ হাৰ ৫ৰ পৰা ১০ শতাংশ।

Post a Comment

0 Comments