নতুন পৰিচয় লৈ গুৱাহাটীত নামিল ৰিপুণ বৰা, বিহু নৃত্য, ঝুমুৰ নৃত্যৰে আদৰণি বৰঝাৰ বিমানবন্দৰত


 তৃণমূল কংগ্ৰেছত যোগদানৰ পিছত আজি প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছৰ নেতা হিচাপে  বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা (Ripun Bora)। তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় ৰিপুণ বৰা।

বিমানবন্দৰতে ৰিপুণ বৰাক উষ্ম আদৰণি জনাই তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। ৫ শতাধিক মানুহে বৰঝাৰ বিমানবন্দৰত আদৰণি জনায় ৰিপুণ বৰাক। বিহু নৃত্য, ঝুমুৰ নৃত্য, বেণ্ড পাৰ্টীৰে আদৰণি জনায় ৰিপুণ বৰাক। বিমানবন্দৰত ৰিপুণ বৰা উপস্থিত হৈ অসমত বিজেপি বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি অসম তৃণমূল কংগ্ৰেছ (TMC) হিচাপে পৰিচিত হ'ব বুলি মন্তব্য কৰে।

কংগ্ৰেছ দল সম্পৰ্কত সোধা প্ৰশ্নত তেওঁ এতিয়া এৰি অহা দিনৰ কথা চৰ্চা নকৰোঁ বুলি মন্তব্য কৰে। কালি গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত (GMC Election) এখনো আসন নোপোৱাত কেৱল অসমেই নহয় সমগ্ৰ ভাৰততে কংগ্ৰেছৰ অৱক্ষয় হৈছে বুলি মন্তব্য কৰে । আনহাতে বিমানবন্দৰৰ পৰাই প্ৰায় ১ কিঃমিঃ পথ পদযাত্ৰা কৰে ৰিপুণ বৰাই।

Post a Comment

0 Comments