গুৱাহাটী মহানগৰীত পথৰ কাষৰ নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ, আৰক্ষীৰ তদন্ত আৰম্ভ

 


সোমবাৰে পুৱা গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পথৰ কাষৰ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো। ইতিমধ্যে মৃতদেহটো হামিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

ইফালে ঘটনাৰ সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। মৃত হামিদুল কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। স্থানীয় একাংশ লোকে কোৱা মতে, দেওবাৰে বিয়লি সেই অঞ্চলটোত হামিদুলক প্ৰত্যক্ষ কৰিছিল একাংশ লোকে।

ইফালে আৰক্ষীয়ে নিশাৰ ভাগত লোকজন নলাত পৰি যোৱাৰ ফলত মৃত্যুক সাৱটি লবলগীয়া হ'ল বুলি সন্দেহ কৰিছে। নিশা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে। আনহাতে যুৱকজনৰ দেহটো নাই কোনো ধৰণৰ আঘাতৰ চিন।

Post a Comment

0 Comments