ধুমুহাৰ বাবে প্ৰকাণ্ড গছ উভালি পৰিল বিহুতলীত, আহত ১৭, দুজনৰ অৱস্থা সংকটজনক


 বিহুৰ বতৰত ধুমুহা-বৰষুণে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধি-পথালি দিছে। চিৰাঙৰো বিজনীত যোৱা নিশা সংঘটিত হয় অঘটন ৷ নিশা অহা প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ ভাঙি পৰে বিহুতলীত ৷  সাংস্কৃতিক সন্ধিয়া চলি থকাৰ মাজতে সংঘটিত হোৱা ঘটনাত আহত হয় ১৭গৰাকীকৈ লোক৷

ইয়াৰে ২জনৰ অৱস্থা সংকটজনক ৷ কামাৰগাঁও ৰঙালী বিহু উদযাপন সমিতিৰ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ সময়তে প্ৰচণ্ড ধুমুহা-বৰষুণে জোকাৰি যায় সমগ্ৰ অঞ্চলটো ৷ হঠাতে অহা ধুমুহাত বিহুতলীৰ কাষতে থকা গছ এডাল ভাঙি পৰে ৷ গছ ভাঙি ৰভাৰ ওপৰত পৰাৰ ফলত বহু লোক আহত হয় ৷ গছ পৰি বিহুতলীত থকা বাহনৰো ক্ষতি কৰে ৷ সাংস্কৃতিক সন্ধিয়া চলি থকাৰ মাজতে সংঘটিত এই ঘটনাৰ পিছতে ৰাইজৰ  মাজত হুৱাদুৱা লাগে ৷

আহতসকলক ইতিমধ্যে চিকিৎসালয় লৈ নিয়া হৈছে ৷ আহতসকলৰ মাজত সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণৰ বাবে যোৱা কেইবাগৰাকী লোকো আছে  ৷ ইফালে ঘটনাৰ খবৰ পাই দেওবাৰে বিধায়ক অজয় ৰয় বিহুতলীত উপস্থিত হৈ খা-খবৰ লয়

Post a Comment

0 Comments