এইবাৰ বাঢ়িব বাছভাড়া! ৭০ শতাংশ ভাড়া বৃদ্ধিৰ বাবে পৰিবহণ আয়ুক্তলৈ পত্ৰ মটৰ পৰিবহণ সন্থাৰ


 পেট্ৰ’ল–ডিজেলৰ লগতে প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পিছত এইবাৰ বাঢ়িব পাৰে বাছভাড়া। ৭০ শতাংশ ভাড়া বৃদ্ধিৰ বাবে পৰিবহণ আয়ুক্তলৈ পত্ৰ লিখিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।

এখ পত্ৰযোগে পৰিবহণ ব্যৱসায়ীৰ ওপৰত সকলো ধৰণৰ কৰ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে পৰিবহণ সন্থাই। পৰিবহণ সন্থাই পত্ৰত উল্লেখ কৰে যে ১ এপ্ৰিলৰ পৰা টোলটেক্স ১৫ শতাংশ বৃদ্ধি, থাৰ্ড পাৰ্টী প্ৰিমিয়াম বৃদ্ধি, টায়াৰ, বেটাৰী, স্পেয়াৰ পাৰ্টছ সকলোৰে মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা বাহাল আছে। এনে এক অৱস্থাত দেশৰ পৰিবহণ উদ্যোগটো মৃতপ্ৰায় অৱস্থাত উপনীত হৈছে। ৰাজকোষৰ ৩৫ শতাংশ কৰ–কাটল আগবঢ়োৱা ৰুগ্ন পৰিবহণ উদ্যোগটোৰ সংকট মোচনৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে।

উল্লেখযোগ্য যে ২০১৯ চনত অসম চৰকাৰে ২৫ শতাংশ ভাড়া বৃদ্ধিৰ জাননী জাৰি কৰিছিল। কিন্তু এই ভাড়া বৃদ্ধি এপাচি শাকত এটা জালুকৰ লেখীয়া বুলি উল্লেখ কৰে সন্থাই। সেয়েহে পৰিবহণ উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধিৰ প্ৰয়োজন হৈ পৰিছে বুলি মন্তব্য সন্থাৰ।

Post a Comment

0 Comments