অসমৰ ছাত্ৰৰ বিৰল কৃতিত্ব! দৃষ্টিহীন লোকৰ বাবে ডিজাইন কৰিলে চেঞ্চৰযুক্ত স্মাৰ্ট জোতা

 


এগৰাকী প্ৰতিভাৱান ছাত্ৰ। নাম অংকুৰিত কৰ্মকাৰ। নৱম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰজনৰ বিশেষণ উদ্ভাৱনী কৌশলে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

অসমৰ কৰিমগঞ্জ জিলাৰ ৰোৱােলেণ্ডৰ মেম’ৰিয়েল হাই স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অংকুৰিত কৰ্মকাৰে দৃষ্টিহীন লোকৰ সুবিধাৰ বাবে চেঞ্চৰযুক্ত স্মাৰ্ট জোতা ডিজাইন কৰি উলিয়ালে ।

এই সম্পৰ্কত মেধাৱী ছাত্ৰজনে কয় যে, 'মই অন্ধ লোকসকলৰ বাবে এই স্মাৰ্ট জোতাটো তৈয়াৰ কৰিছিলো। মোৰ লক্ষ্য হৈছে এজন বিজ্ঞানী হোৱা। মই এনে ধৰণৰ আৰু অধিক কাম কৰিব বিচাৰো। যিয়ে মানুহক সহায় কৰিব আৰু তেওঁলোকৰ জীৱন সহজ কৰি তুলিব।'

Post a Comment

0 Comments