ৰমজান মাহ উপলক্ষে সুদূৰ ছৌদি আৰৱৰ পৰা আহিছে খেজুৰ, অম্বৰ, আজৱাৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ

 


আৰম্ভ হ'ল ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ৰমজান (Ramadan) মাহ। শনিবাৰে জোন দেখাৰ পিছতে ৰাজ্যিক হিলাল কমিটিয়ে ঘোষণা কৰিলে ৰমজানৰ ৰোজা (Roja) আৰম্ভ হোৱাৰ কথা। পৱিত্ৰ ৰমজান মাহ উপলক্ষে সুদূৰ ছৌদি আৰৱ (Saudi Arab)ৰ পৰা অহা বিভিন্ন প্ৰকাৰৰ খেজুৰে (Dates)ৰে ভৰিছে মহানগৰীৰ ফাঁচী বজাৰ (Fancy Bazar)। আজৱা, অম্বৰ, মেদ'জল, ছুফীয়ানদেচ আদি বিভিন্ন প্ৰকাৰৰ খেজুৰৰ নাম।

মহানগৰীৰ ফাঁচী বজাৰত উপলব্ধ হৈছে আজৱা প্ৰতি কেজি ১৬০০ টকা, অম্বৰ প্ৰতি কেজি ১৬০০ টকা, মেদ'জল প্ৰতি কেজি ১৪০০ টকা, ছুফীয়ানদেচ প্ৰতি কেজি ৫০০ টকা। ব্যৱসায়ীসকলৰ মতে "মুঠ ১৫৬ প্ৰকাৰৰ খেজুৰ পোৱা যায় পৃথিৱীত। কিন্তু ইয়াৰে প্ৰায় ১৫টা মান প্ৰকাৰৰ খেজুৰহে ৰমজান মাহ উপলক্ষে সুদূৰ ছৌদি আৰৱৰ পৰা আহিছে গুৱাহাটী মহানগৰীলৈ।"

Post a Comment

0 Comments