বিশিষ্ট অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাৰ মৃত্য, বিহুমঞ্চতে শোক প্ৰকাশ জুবিন গাৰ্গৰ, ক'লে, 'গেলা বৰ মজা মানুহ আছিল'

 


বৃহস্পতিবাৰে অসমীয়া চলচিত্ৰ আৰু ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। মাত্ৰ ৫২ বছৰ বয়সতে অভিনেতাজনে মৃত্যুক সাৱটি লয়। মন যায়, চিঞৰ, মি এণ্ড মাই চিষ্টাৰ আদিৰ  লগতে বহুকেইখন চিনেমাত সৱল অভিনয় কৰা অভিনেতাজনৰ মৃত্যুত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে।

অসম ৰাজ্যিক চলচিত্ৰ বঁটাপ্ৰাপক অভিনেতাজনৰ জন্ম হৈছিল দেৰগাঁৱত।  গুৱাহাটীতে স্কুলীয়া আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰি অভিনেতাজনে অভিনয়ৰ জগততত খোজ দিছিল। ডাক্তৰে তেওঁৰ মৃত্যু কাৰণ ষ্ট্ৰোক বুলিয়েই সন্দেহ কৰিছে।

অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাৰ মৃত্যুত  গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। বিহু মঞ্চতে জুবিন গাৰ্গে শোকপ্ৰকাশ কৰি কয় যে, 'মোৰ মনতো বৰ ভাল নহয়। মোৰ লগত এজন ঢোকালে। সি চিনেমাৰ এজন সহকৰ্মী আছিল। জিতুক মই গেলা বুলি মাতো। কলেজত তাৰ নাম আছিল গেলা।মজা  মানুহ আছিল। অনুৰাধা ছবিতো সি অভিনয় কৰিছিল। কালি ৰাতি ঢোকালে।গতিকে মোৰ মনতো বৰ ভাল নহয়।'

Post a Comment

0 Comments