যোৰহাটত ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে ভোটদানৰ পৰা বঞ্চিত হ'ল বহুলোক! একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ


 যোৰহাটৰ একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। যোৰহাট পৌৰ এলেকাৰ বহু ভোটকেন্দ্ৰত ভোট দিবলৈ নাপালে বহু লোকে। ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে ৰহস্যজনক ভাৱে বহু লোক ভোটদানৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে যোৰহাটত। যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই ঘটনাত আশ্চৰ্য প্ৰকাশ কৰি এয়া এক ষড়যন্ত্ৰৰ ফলত হোৱা ঘটনা বুলি অভিযোগ তুলিছে।

যোৰহাট পৌৰসভাৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত ভয়ংকৰ বিসংগতি হোৱাৰ তথ্য পোহৰলৈ আহিছে দেওবাৰে ভোটদানৰ সময়ত। যোৰহাটৰ বহু ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ নামটো বিচাৰি নাপালে বহুলোকে। পূৰ্বে বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনত ভোটদান কৰা বহু লোক ভোটদানৰ পৰা বঞ্চিত হ'ব লগা হয় এইবাৰৰ যোৰহাট পৌৰসভাৰ নিৰ্বাচনত ।

আনহাতে ভোটাৰ তালিকাত ভুলকৈ মৃত বুলি সন্নিবিষ্ট কৰি বহু লোকৰ নাম কটা যোৱাৰ তথ্যও পোহৰলৈ আহিছে । তাৰ বিপৰীতে আকৌ মৃত ব্যক্তিৰ নাম আছে ভোটাৰ তালিকাত । যোৰহাট নগৰৰ বহু কেইটা ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ তালিকাৰ এনে বিসংগতিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত কেইবাটাও ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

Post a Comment

0 Comments