নগাঁৱত নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশক লৈ চাঞ্চল্য, পৰীক্ষা দিবলৈ ওলাই আহিছিল বিদ্যালয়লৈ


 নৱম শ্ৰেণীৰ পৰীক্ষা দিবলৈ অহা দুগৰাকী ছাত্ৰ সন্ধানহীন হোৱা ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ সমীৰণ দাস আৰু কিশোৰ দাস নামৰ ছাত্ৰ দুগৰাকী আজি দিনৰ ১১ বজাৰ পৰা সন্ধানহীন হৈ আছে (Two Students Missing) ।

জানিব পৰা মতে, দুয়ো পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পিছত ঘৰলৈ উভতি যোৱা নাই। নগাঁও চহৰত ডিমৰুগুৰিৰ ছাত্ৰ দুগৰাকী সন্ধানহীন হোৱা সংক্ৰান্তত নগাঁও সদৰ আৰক্ষী থানাত  এজাহাৰ (FIR) দাখিল কৰিছে পৰিয়ালৰ লোকে।

Post a Comment

0 Comments