ৰাজ্যত এটা নিশাতে দুটাকৈ এনকাউণ্টাৰ, বিকি আলীৰ পিছত প্ৰাণ গ’ল ধৰ্ষণকাৰী ৰাজেশ মুণ্ডাৰ


 ৰাজ্যত এটা নিশাতে দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। দুয়োটা এনকাউণ্টাৰৰ ঘটনাত নিহত দুই ধৰ্ষণকাৰী। বিকি আলীৰ লগতে ওদালগুৰিৰ লালপানীতো আৰক্ষীৰ গুলীত নিহত হ’ল ৰাজেশ মুণ্ডা নামৰ এটা ধৰ্ষণকাৰী। মঙলবাৰে নিশা লালপানী আৰু মাজবাট আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ৰাজেশ মুণ্ডা।

১১ মাৰ্চত ধনশ্ৰী চাহ বাগিচাৰ শ্মশানত উদ্ধাৰ হৈছিল ৭ বছৰীয়া শিশুৰ মৃতদেহ। ১০ মাৰ্চত এক বিবাহ অনুষ্ঠানলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল শিশুটি। আৰক্ষীৰ তদন্তত চিনাক্ত হৈছিল ধৰ্ষণকাৰী। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল ৰাজেশ মুণ্ডা। মঙলবাৰে চাংসাৰিৰ এটা লোহাৰ ফেক্টৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজেশক। নিশা ঘটনাস্থলীলৈ নি থকাৰ সময়তে গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় ধৰ্ষণকাৰী ৰাজেশ মুণ্ডা।

Post a Comment

0 Comments