কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘৰিয়াল প্ৰত্যক্ষ কৰিলে পৰ্যটকে! কি ক'লে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই?

 


অসমত ঘৰিয়াল নাই বুলিয়েই সকলোৱে জানো। কিন্তু চলিত পৰ্যটন বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বিৰল বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ সৌভাগ্য ঘটিছে ৷ ঢেকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়ৰ নয়নাভিক দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছত এইবাৰ দেখিবলৈ পোৱা গৈছে বিৰল ঘৰিয়াল ৷

উদ্যানখনৰ শিলঘাট এলেকাত প্ৰথমে এই ঘৰিয়াল দেখাৰ সৌভাগ্য হৈছে নাৱেৰে কাজিৰঙা ভ্ৰমণ কৰা পৰ্যটকৰ ৷ উদ্যানখনৰ সংযোজিত শিলঘাটৰ বৰগাং বন শিবিৰ এলেকাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত পৰ্যটকে প্ৰত্যক্ষ কৰে ঘৰিয়ালটো। কেমেৰাত বন্দী কৰে ঘৰিয়াটোৰ ফটো ৷

অসমৰ নদীসমূহত মূলতঃ জলচৰ চৰাই,বিভিন্ন প্ৰজাতিৰ মাছ,শিহু, কাছ আদিৰ বসতিস্থল ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰ, ধনশিৰী আৰু ডিফলু নদী প্ৰাণদায়িনী হিচাপে পৰিচিত ৷ কাৰ্বি পাহাৰৰ পৰা নামি অহা ডিফলু নদী কাজিৰঙাৰ বৃহৎ অংশ অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰত পৰিছে ৷ এই কেইখন নদীত পূৰ্বতে ঘৰিয়াল প্ৰত্যক্ষ কৰাৰ কোনো উদাহৰণ নাই ৷ তাৰ মাজতো পৰ্যটকৰ দলটোৱে ঘৰিয়াল দেখাৰ দাবী কৰাৰ বিপাঙত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷

কাজিৰঙা উদ্যান কৰ্তৃপক্ষই তেনে কিবা এটাৰ অৱস্থিতি নিশ্চিত কৰিলেও প্ৰকৃত সত্য উদ্ধাৰৰ বাবে আৰু কিছু সময় লাগিব বুলি মন্তব্য কৰে কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে ৷

Post a Comment

0 Comments