দেশৰ ১০০জন সবাতোকৈ শক্তিশালী লোকৰ তালিকাত ৩২ নম্বৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমগ্র দেশতে ৩২তম শক্তিশালী ব্যক্তি। জনপ্ৰিয় ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্ৰকাশ পোৱা The Most Powerful Indians in 2022ৰ তালিকাত ৩২তম স্থান আঁজুৰি আনিবলৈ সক্ষম হৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ইংৰাজী দৈনিকখনে প্ৰতি বছৰে ১০০জন সবাতোকৈ শক্তিশালী ভাৰতীয় এনেধৰণে এখন তালিকা প্ৰস্তুত কৰে।

২০২১ চনৰ তালিকাত শর্মাৰ স্থান আছিল ৬০সংখ্যক। অসম তথা উত্তৰ-পূbত বিজেপিৰ ধাৰাবাহিক জয় যাত্ৰা অক্ষুণ্ণ ৰখাৰ আঁৰৰ ব্যক্তিজনেই হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি বাতৰি কাকতখনে শর্মাৰ এই স্থানৰ যুক্তিযুক্ততা প্ৰদান কৰিছে। লগতে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে ১০০০ ৱাটচএপ বাৰ্তা লাভ কৰে আৰু প্ৰতিটো বাৰ্তাৰ প্ৰত্যুত্তৰ দিয়াটো সুনিশ্চিত কৰে। উল্লেখযোগ্য যে এই তালিকাত স্থান লাভ কৰা হিমন্ত বিশ্ব শৰ্মা একমাত্ৰ অসমীয়া। ২০২১ বৰ্ষত সৰ্বানন্দ সোণোৱালে স্থান পাইছিল যদিও এইবাৰ তেওঁ ১০০জনৰ তালিকাত স্থান পাবলৈ সক্ষম নহ’ল।

আনহাতে, এই তালিকাত অৱধাৰিত ভাৱে প্ৰথম স্থান লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ যোৱা ৮ বছৰ ধৰি প্ৰথম স্থান দখল কৰি আহিছে। দ্বিতীয় স্থানত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু তৃতীয় স্থানত আছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত।

পঞ্জাৱ দখল কৰি নৱম স্থান অধিকাৰ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। বিজেপিক পৰাভূত কৰি একাদশ স্থান দখল কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ২৭নং স্থানত আছে। ৰাহুল গান্ধীৰ স্থান ৫১ সংখ্যক।

Post a Comment

0 Comments