যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত হ'ল নাজিৰাৰ ছাত্ৰী ফাৰমিন নাচৰিন চুলতানা


 যুদ্ধ বিধস্ত ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত হ'লহি শিৱসাগৰ জিলাৰ নাজিৰাৰ ছাত্ৰী ফাৰমিন নাচৰিন চুলতানা । নাজিৰা মেজেংগাৰ ছাত্ৰী নাচৰিনে ৫ বছৰ পূৰ্বে চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ গৈছিল। ইউক্ৰেইনৰ অজৱৰ্ড নেচনেল ইউনিভাৰ্ছিটিৰ  ছাত্ৰীগৰাকীয়ে ভাৰতীয় দুতাবাসৰ সহযোগত হাংগেৰী সীমান্তইদি ভাৰতত প্ৰৱেশ কৰে। ভাৰত চৰকাৰৰ বিশেষ বিমানেৰে নতুন দিল্লী আৰু তাৰপৰা গুৱাহাটী হৈ বৃহস্পতিবাৰে পুৱতি নিশা ২ বজাত স্বগৃহত উপস্থিত হয়হি ছাত্ৰীগৰাকী।

এক শ্বাসৰূদ্ধকাৰী পৰিস্থিতিৰ মাজেৰে স্বগৃহত উপস্থিত হোৱা ছাত্ৰীগৰাকীয়ে ভাৰত চৰকাৰক ধন্যবাদ জনায় ৷ ছাত্ৰী গৰাকীয়ে ইউক্ৰেইনত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে নিউজ১৮ৰ আগত প্ৰকাশ কৰি কয় যে প্ৰথম অৱস্থাত তেওঁলোকে এনে ভয়াৱহ পৰিস্থিতি হ'ব বুলি ভবা নাছিল৷ কিন্তু খুব কম সময়তে যুদ্ধ আৰম্ভ হৈছিল, প্ৰথমে দেশখনত খাদ্যৰ নাটনি হৈছিল আৰু তাৰ পিছত অনলাইন লেনদেন বন্ধ হৈছিল৷

ইউক্ৰেইনত অধ্যয়নৰত ছাত্ৰী ফাৰমিনৰ লগতে আন ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় উদ্ধাৰকাৰী দলে প্ৰথমে হাংগেৰীৰ সীমান্তলৈ লৈ গৈছিল আৰু তাত ২৪ ঘণ্টা সময় অপেক্ষা কৰিব লগা হৈছিল ৷ ভাৰত চৰকাৰৰ ফালৰ পৰা তেওঁলোকক খোৱা-বোৱাৰ সকলো সুবিধা কৰি সুকলমে উদ্ধাৰ কৰিছিল ৷ কিন্তু ছাত্ৰীগৰাকীয়ে জনোৱা মতে  ভাৰতীয় বহু ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনৰ বিভিন্ন স্থানত এতিয়াও আৱদ্ধ হৈ আছে ৷ বহু ছাত্ৰ-ছাত্ৰীয়ে বাংকাৰত আশ্ৰয় লৈ আছে, তেওঁলোককো যাতে ভাৰত চৰকাৰে সোনকালে উদ্ধাৰ কৰে তাৰ আহ্বান জনাইছে ছাত্ৰী গৰাকীয়ে৷

Post a Comment

0 Comments