90Hz ডিছপ্লে, 64 মেগাপিক্সেল কেমেৰাৰ সৈতে Pocoৰ নতুন ফোন মুকলি, কিনিলে পাব ১০০০ টকালৈকে ৰেহাই।

 


Flipkartত অলপতে মুকলি হোৱা Poco M4 Pro মোবাইলত সুন্দৰ ৰেহাই দি থকা হৈছে। এই ফোনটো কিনিলে HDFC কাৰ্ডত 1,000 টকা ৰেহাই পাব। ফোনটোৰ প্ৰাম্ভিক দাম হৈছে 13,999 টকা।

ফ্লিপকাৰ্ট (Flip[kart)ত গ্ৰাহকসকলে পুৰণি ফোনৰ লগতে শেহতীয়া ফোনবোৰ যথেষ্ট কম মূল্যত ক্ৰয় কৰিব পাৰে। নতুন ৰেডমি, নতুন চেমচাং ফোনৰ উপৰিও শেহতীয়াকৈ মুকলি কৰা পোকো এম4 প্ৰ' (POCO M4 Pro)ত ৰেহাই আগবঢ়োৱা হৈছে। এই ফোনটো ক্ৰয় কৰিলে, আপুনি HDFC কাৰ্ডৰ অধীনত 1,000 টকাৰ ৰেহাই পাব। ফোনটোৰ আৰম্ভণি মূল্য হৈছে 13,999 টকা।

POCO M4 Proত 6.43 ইঞ্চিৰ Full HD+ Super AMOLED স্ক্ৰীণ আছে যিটো 1000 নিটছ পিক ব্ৰাইটনেছ, 90Hz ৰিফ্ৰেছ ৰেট আৰু 180Hz টাচ ছেম্প্লিং ৰেট ছাপোৰ্ট কৰে।

POCO M4 Pro স্মাৰ্টফোনত MediaTek Helio G96 প্ৰচেছৰ আছে যিটোক 8GBলৈ LPDDR4x RAM, Liquid Cool Technology 1.0 আৰু 256GB ষ্টোৰেজৰ সৈতে পোৱা যায়। এইটো Android 11ৰ MIUI 13 স্ক্ৰীণটো কাম কৰে।

Poco M4 Pro কেমেৰা: Poco M4 Pro মোবাইলটোত পিছফালে তিনিটা কেমেৰা আৰু ফ্ৰণ্টত ছেল্ফি কেমেৰা আছে। পিছফালে 64MPৰ প্ৰাইমাৰী কেমেৰা, এটা 8MPৰ আলট্ৰাৱাইড এংগল লেন্স আৰু এটা 2MPৰ মেক্ৰো কেমেৰা আছে।একেদৰে মোবাইলটোৰ ফ্ৰণ্টত 16MPৰ ছেল্ফি কেমেৰা আছে। মোবাইলটোৰ ওজন মাত্ৰ 179.5 গ্ৰাম।

Poco M4 Pro বেটাৰী : এই মোবাইলটোত 5000mAhৰ বেটাৰী আছে যিটো 33W ফাষ্ট চাৰ্জিং সুবিধা যুক্ত। ইয়াৰ ষ্টেৰীও স্পীকাৰবোৰৰ বাবে অডিঅ' অতি উন্নতমানৰ হয়।

Post a Comment

0 Comments