নুমলীগড়ত ধুমুহাৰ তাণ্ডৱ! প্ৰচণ্ড ধুমুহাই ভাঙি চূৰমাৰ কৰিলে বহু পৰিয়ালৰ বাসগৃহ, বিদ্যুৎ যোগান ব্যাহত

 নুমলীগড়ত নিশা বতাহ–ধুমুহাৰ তাণ্ডৱ। হঠাতে অহা এজাক ধুমুহাই বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। মৰঙি মৌজাৰ বিভিন্ন এলেকা, মৰঙি, পোৰাজংঘল, দৈগ্ৰোং, মিৰিপথাৰ, ২নং দৈগ্ৰোং, পোৰাবঙলা, বগীধলা আদিৰ উপৰি ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহু গড়কাপ্তানি পথত গছ বাগৰি যোগাযোগ বিছিন্ন হৈ পৰে৷

বহু ঠাইত বিদ্যুতৰ তাৰ বিছিন্ন হৈ বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ পৰে৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙিত বাগৰি পৰা গছৰ চেপাত দুজনকৈ বাইক আৰোহী গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয় ধুমুহা–বৰষুণত ফলত। সমগ্ৰ অঞ্চলত ব্যাহত বিজুলী সংযোগ।


Post a Comment

0 Comments