পৱিত্ৰ মাৰ্ঘেৰিটাক আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে ৰাজ্যসভাৰ টিকট, টিকট লৈ মাৰ্ঘেৰিটাই কি ক'লে?


 ৩১ মাৰ্চত ৰাজ্যৰ দুখনকৈ ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন৷ এই নিৰ্বাচনৰ পূৰ্বে দেওবাৰে নিশা বিজেপি প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটাক আনুষ্ঠানিকভাৱে দলীয় টিকট প্ৰদান কৰিলে দলটোৰ সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই৷

হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত এই আনুষ্ঠানিকতা কৰাৰ আগে আগে অসম আৰু ত্ৰিপুৰাৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা ফণীন্দ্ৰনাথ শৰ্মাই ক'লে এইদৰে,  "এয়া স্বাভাৱিক৷ আমি নিৰ্বাচন জয় কৰিবলৈকে কাম কৰি আছো৷ ৰাইজৰ হিতে থাকি কামবোৰ কৰি আছো ৷ মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে সেয়াই সত্য৷ মই বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই৷ আমাৰ দুয়োগৰাকী প্ৰাৰ্থী জয়ী হ'ব৷"

ঠিক একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ক'লে, "আমি দুয়োখন আসনতে জয়ী হ'ম৷ সোমবাৰে ১২.৩০ বজাত মনোনয়ন দাখিল কৰিব আমাৰ দুয়ো প্ৰাৰ্থীয়ে৷ সংখ্যাৰ কথা এতিয়া নাই৷ আমি জিকিম৷ আমি কৰা উন্নয়নৰ ফল ৩১মাৰ্চত প্ৰমাণ হ'ব ৷"

ৰাজ্যসভাৰ টিকট লৈ পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া এইদৰে,"দলৰ বাবে কাম কৰিবলৈ শক্তি আৰু প্ৰেৰণা যোগাইছে এই দায়িত্বই ৷ মই গম নোপোৱাকৈ দলে যোগ্য বুলি ভাবি মোক টিকট দিছে। আমি জয়ী হ'লে আমাৰ লক্ষ্য হ'ব দলৰ দৰ্শন আৰু আদৰ্শ ৰক্ষা কৰা। সংখ্যা গণনা আমি কৰা নাই। মই সংখ্যাৰ কথা নকওঁ। দলে ক'ব। মই জয়ী হ'লে আসনৰ মৰ্যাদা ৰক্ষা কৰা মূল কথা। বাকী দলৰ বাবে সদায় আগৰ দৰে কাম কৰি যাম। সংসদত অসমৰ কৃষ্টি-সংস্কৃতি ৰক্ষাকে লৈ সকলো কথাত মাত মাতি যাম ৷"

Post a Comment

0 Comments