গুৱাহাটীৰ ভি.আই.পি. ৰোডত মুকলি অত্যাধুনিক সুবিধাযুক্ত চিনেমাগৃহ 'আৰ আৰ চিনেমা হল'


 অত্যাধুনিক সুবিধা আৰু প্ৰযুক্তিগত এটি নতুন চিনেমা গৃহ গুৱাহাটীৰ ভি.আই.পি. ৰোড (এয়াৰপোৰ্ট)ত মুকলি কৰা হৈছে। অসমীয়া উদ্যমী ব্যৱসায়ী ৰাজীৱ কুমাৰ দত্তৰ প্রচেষ্টাত নিৰ্মাণ কৰা এই অত্যাধুনিক সুবিধা আৰু প্ৰযুক্তিগত নতুন চিনেমা গৃহৰ মুকলিয়ে ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ বাবে নিশ্চিতভাৱে আশাৰ বতৰা কঢ়িয়াই আনিছে।

নতুন চিনেমা গৃহটো "আৰ আৰ চিনেমা হল" (R R Cinema Hall) ৰূপে নামাকৰণ কৰা হৈছে। আজি এই সন্দৰ্ভত মত আগবঢ়াই অসম চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰে (singer Simanta Sekhar)।

শেখৰে কয়- ''ৰাজীৱ কুমাৰ দত্তই অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমক (Assam State Film Finance & Development Corporation) বহুকেইটা নতুন চিনেমা গৃহৰ পৰিকল্পনা সন্দৰ্ভত অৱগত কৰিছে। তেখেতৰ এই প্ৰয়াসে অসমীয়া চলচ্চিত্ৰৰ লগতে চলচ্চিত্ৰ গৃহ খুলিবৰ বাবে আগ্ৰহী নতুন উদ্যোগীসকলৰ বাবে এক নতুন আশাৰ সঞ্চাৰ কৰিছে। চিনেমা গৃহসমূহৰ মাধ্যমেৰেহে অসমীয়া চলচ্চিত্ৰসমূহ জীয়াই থাকিব। সেয়ে আমি নিগমৰ তৰফৰ পৰা নতুনকৈ চিনেমা হল খুলিবলৈ আগ্ৰহী ব্যক্তিসকলক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ।''

সীমান্ত শেখৰে লগতে অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ তৰফৰ পৰা এনে লোকক পাৰ্যমানে সহায় কৰাৰো আশ্বাস দিয়ে।

Post a Comment

0 Comments