''বিৰোধীৰ কোনো বিধায়কে হাস্পতালত থাকিলেও আমি হুইল চেয়াৰত বহাই চেলাইন দি হ'লেও লৈ আহিম''

 


সোমবাৰে দিনৰ এঘাৰ বজাত ৰাজ্যসভাৰ এখন আসনৰ বাবে মনোনোয়ন পত্ৰ দাখিল কৰিব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই। তাৰ মাজতে শাসক বিৰোধী নেতাৰ বাকযুদ্ধ তুংগত উঠিছে। বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ হুংকাৰ- ''সংখ্যা আমাৰ লগত আছে, আমাৰ বিধায়ক ক্ৰয়ৰ অপচেষ্টা নকৰিব।''

শাসকীয় পক্ষই বিৰোধীৰ বিধায়কৰ ভোট পাব বুলি কোৱাৰ বিপৰীতে ছয়গাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয়- ''আমিও শুই থকা নাই।এজন বিধায়কেও আমাক গাদ্দাৰী নকৰে বুলি লিখি থৈ দিয়ক বুলি News18 জনাই ৰেকিবুদ্দিন আহমেদে। আমাৰ বিৰোধীৰ কোনো বিধায়কে হাস্পতালত থাকিলেও আমি হুইল চেয়াৰত বহাই চেলাইন দি হ'লেও লৈ আহিম। (Rajya Sabha Election)''

Post a Comment

0 Comments