মীৰা বৰঠাকুৰ গোস্বামীৰ শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ

 


মীৰা বৰঠাকুৰ গোস্বামীয়ে শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত  সভাত বিদায়ী সভানেত্ৰী বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত মহিলা কংগ্ৰেছৰ মুৰব্বী দায়িত্ব গ্ৰহণ কৰে মীৰা বৰঠাকুৰ (Mira Barthakur) গোস্বামীয়ে।

নতুনকৈ দায়িত্ব লৈয়েই মীৰা বৰঠাকুৰ গোস্বামীয়ে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমূহ অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। মীৰা বৰঠাকুৰে NEWS18ক লগতে জনাই যে তেওঁ এক মূল্যবোধৰ ৰাজনীতিৰে নাৰী সমাজক লৈ আগুৱাই যাব বিচাৰে।

উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত জাতীয় কংগ্ৰেছ দলত (Congress) যোগ দি পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এতিয়া অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব লৈয়েই মীৰা বৰঠাকুৰ গোস্বামীয়ে চেলেঞ্জ হিচাপে লৈছে আগন্তুক গুৱাহাটী পৌৰ নিগমৰ (GMC) নিৰ্বাচন। এই নিৰ্বাচনত ভাল ফলাফলৰ বাবে বিশেষ ৰণকৌশল তৈয়াৰ কৰিছে মীৰা বৰঠাকুৰ গোস্বামীয়ে।

Post a Comment

0 Comments