বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ মাজেৰে পাৰ হ'ল মণিপুৰৰ বিধানসভা নিৰ্বাচন, দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰো সন্তোষজনক

 


শনিবাৰে মণিপুৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ২২খন আসনত ৭৬.০৪ শতাংশ ভোটদান হয়। কঠোৰ নিৰাপত্তা আৰু কোভিড-১৯ প্ৰটোকল কঠোৰভাৱে পালন কৰি ৰাজ্যখনৰ ছখন জিলাৰ ১,২৪৭টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। এই পৰ্যায়টোত মুঠ ৮.৩৮ লাখ ভোটাৰ আছিল (Manipur Elections 2022)।

নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি সেনাপতি জিলাত সৰ্বাধিক ভোটদানৰ হাৰ ৮২.০২ শতাংশ, থৌবাল জিলাত ৭৮ শতাংশ, তিনিখন বিধানসভা আসন থকা তামেংলং জিলাত সৰ্বনিম্ন ভোটদানৰ হাৰ আছিল ৬৬.৪০ শতাংশ।

ইফালে, আৰক্ষীয়ে জনোৱা মতে সেনাপতি জিলাৰ কাৰোং বিধানসভা সমষ্টিৰ নাগামজু ভোটকেন্দ্ৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে দুজন লোকৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ ফলত কিছু ঠাইত হিংসাত্মক ঘটনাই ভোটগ্ৰহণ পৰ্বক প্ৰভাৱিত কৰে।

আনহাতে, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কেইঘণ্টামান আগতে এজন কংগ্ৰেছ কৰ্মীয়ে এজন বিজেপি সমৰ্থকক গুলীচালনা কৰাৰ ফলত ব্যক্তিগৰাকী মৃত্যুমুখত পৰে (BJP Worker Gunned Down in Manipur)। ইয়াৰ লগতে এজন বহিষ্কৃত বিজেপি নেতাৰ বাসগৃহৰ বাহিৰত দেশী বোমা বিস্ফোৰণ হয়।

উল্লেখ্য, ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ ফেব্ৰুৱাৰীত ৩৮খন বিধানসভা আসনত অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত প্ৰকাশ পাব।

Post a Comment

0 Comments