আজি মাজুলীত বিধানসভাৰ উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ২০৩টা ভোটগ্ৰহণ কেন্দ্ৰত অ্যাহত আছে ভোটগ্ৰহণ। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।
আজিৰ নিৰ্বাচনত ১,২৭,২৩৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য। মূল যুঁজ বিৰোধী মহাজোঁটৰ চিত্ৰৰঞ্জন বসুমতাৰী আৰু বিজেপিৰ প্ৰাৰ্থী ভূৱন গামৰ মাজতে হ’ব বুলি ধাৰণা কৰা হৈছে।
আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত পুৱাই ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী
ভুৱন গামে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰৰ যথেষ্ট সঁহাৰি দেখা গৈছে।
শাৰী পাতি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে মাজুলীবাসী ৰাইজে।

0 Comments