ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাক ভোট দিবনে অখিল গগৈয়ে? বৰাৰ বাবে বিধায়ক গগৈয়ে কৰিলে এই কাম




 শনিবাৰে দুপৰীয়া কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰাৰ সৈতে বৈঠকত মিলিত হয় শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক কৃষক নেতা অখিল গগৈ। গুৱাহাটীৰ নিজৰাপাৰৰ বাস ভৱনতে  বৈঠকত মিলিত হৈছিল দুয়োগৰাকী নেতা। বৈঠকতে অখিল গগৈয়ে (Akhil Gogoi) স্পষ্ট কৰি দিয়ে যে ৰাইজৰ দলৰ একমাত্ৰ ভোটটো ৰিপুণ বৰাই পাব।

ভোট দিয়াই নহয়, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুণ বৰাৰ মনোনয়ন পত্ৰত সমৰ্থক হিচাপে চহীও কৰে অখিল গগৈয়ে। অখিল গগৈৰ সমৰ্থন লাভ কৰি আনন্দিত হৈ পৰে সাংসদ ৰিপুণ বৰা। উল্লেখযোগ্য যে ৰিপুণ বৰাই বিৰোধী চাৰিটা দল ক্ৰমে জাতীয় কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল (Raijor Dal) আৰু চিপিআই এম (CPIM)ৰ মুঠ ৪৪ গৰাকী বিধায়ককে সাক্ষাৎ কৰি নিজৰ সপক্ষে ভোট বিচাৰিব।

সোমবাৰে বিৰোধী প্ৰাৰ্থী হিচাপে কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই মনোনোয়ন পত্ৰ দাখিল কৰিব। শনিবাৰে প্ৰদেশ কংগ্ৰেৰ সভাপতি ভূপেন বৰা , বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু চীফ হুইপ ৱাজেদ আলিৰ লগতো বৈঠকত মিলিত হয় ৰিপুণ বৰাই (Ripun Bora)।

Post a Comment

0 Comments