পুনৰ ফুটিল জাগীৰোড আৰক্ষীৰ গুলী, ৪.৫ কোটি টকাৰ হেৰ'ইন অনা মণিপুৰী যুৱক গুলীবিদ্ধ

 


পুনৰ সোমবাৰে নিশা জাগীৰোডত সংঘটিত হয় আৰক্ষীৰ এনকাউন্টাৰৰ ঘটনা ৷ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে আৰক্ষীয়ে ৷ আহত হয় মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী প্ৰায় ৩২ বছৰীয়া আব্দুচ চামাদ নামৰ যুৱক ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) চিকিৎসাধীন হৈ আছে আহত ড্ৰাগছ সৰবৰাহকাৰীটো ৷

যুৱকজনৰ পৰা মুঠ ৫৭৩ গ্ৰাম হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ৷ জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪.৫ কোটি টকা হ'ব বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত মণিপুৰৰ আব্দুচ চামাদ (Manipuri Youth) নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে এখন নম্বৰবিহীন মটৰচাইকেলেৰে বুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰিবলৈ জাগীৰোডত উপস্থিত হোৱাৰ খবৰ লাভ কৰিছিল জাগীৰোড আৰক্ষীয়ে ৷

ইয়াৰ পিছতে জাগীৰোডৰ শিলভঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলাইছিল আৰক্ষীৰ এটা দলে ৷ এই অভিযানকালত আৰক্ষীয়ে (Jagiroad Police) যুৱকজনক আটক কৰাৰ লগতে জব্দ কৰে হেৰ'ইন ৷ কিন্তু যোৱানিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণ আৰু নিশাৰ এন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলায় কুখ্যাত সৰবৰাহকাৰীটোৱে ৷
 

তেতিয়াই আৰক্ষীয়ে যুৱকজনক গুলীচালনা কৰে আৰু ভৰিত গুলী লাগি আহত হয় ৷ পৰৱৰ্তী সময়ত গুলীবিদ্ধ সৰবৰাহকাৰীটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত জাগীৰোডৰ শিলভঙা আৰু নখোলা গ্ৰান্টত আৰক্ষীয়ে অভিযান চলাই কেইবাটাও সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs Seized) ৷

Post a Comment

0 Comments