ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনা, থানাৰ ভিতৰতে উদ্ধাৰ আৰক্ষীৰ মৃতদেহ

 


গুৱাহাটীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনা। থানাতে মৃত্যু বিপ্লৱ সিনহা নামৰ এগৰাকী ট্ৰেফিক আৰক্ষীৰ। পুৱা থানাত শুই থকা অৱস্থাত উদ্ধাৰ হয় ট্ৰেফিকগৰাকীৰ মৃতদেহ। নিশা কৰ্তব্য সামৰি থানাতে বিশ্ৰাম লৈ আছিল বিপ্লৱ।

নিশা অন ডিউটিত আছিল জোৱানজন। ডিউটিত থকা অৱস্থাত সতীৰ্থই ফোন কৰাত ৰিচিভ কৰা নাছিল। তাৰ পিছতে শোৱাপাটীতে মৃত অৱস্থাত উদ্ধাৰ হয় জোৱানজনৰ মৃতদেহ। বৰ্তমান নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। জোৱানজনৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে।

 

Post a Comment

0 Comments