গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা, ৫৫টা ৱাৰ্ডত দিলে প্ৰাৰ্থী

 


গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC Election)ৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। নিৰ্বাচনৰ বাবে আজি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছ (Congress) দলে। মুঠা ৬০টা ৱাৰ্ডৰ ভিতৰত এই তালিকাখনত ৫৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে। বাকী ৫টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম শিঘ্ৰেই ঘোষণা কৰিব বুলি জনাইছে দলটোৱে।

ইপিনে কংগ্ৰেছ দলে পৌৰ নিগম নিৰ্বাচনৰ দিন পিছুওৱাৰ বাবেও দাবী জনাইছে। ৰঙালী বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে। উল্লেখ্য যে ১৯ এপ্ৰিলত সাত বিহুৰ মাজতে অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

Post a Comment

0 Comments