গুৱাহাটী মহানগৰীত কিশোৰীক দলবদ্ধ বলাৎকাৰ, ৫ যুৱকে দলবদ্ধ বলাৎকাৰ কৰি বনালে ভিডিঅ’

 


গুৱাহাটী মহানগৰীত দলবদ্ধ বলাৎকাৰৰ বলি হ’ল এগৰাকী কিশোৰী। মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত হয় এই ঘৃণনীয় ঘটনা। এটা বন্ধ কোঠাত ৫জন যুৱকে দলবদ্ধ বলাৎকাৰ কৰি ভিডিঅ’ বনাইছিল কিশোৰীগৰাকীৰ। ঘটনা সন্দৰ্ভত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে।

অভিযুক্তকেইজনৰ বিৰুদ্ধে ১৯/২২ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে পলাতক অৱস্থাত আছে আটাইকেইজন অভিযুক্ত। কিশোৰীগৰাকীৰ শাৰীৰিক পৰীক্ষা সম্পন্ন কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Post a Comment

0 Comments