মহানগৰীত যৌতুকৰ বাবে পত্নীক হত্যাৰ চেষ্টা! GMCHৰ ICUত চিকিৎসাধীন মহিলাগৰাকী

 


মহানগৰীত যৌতুকক লৈ ভয়ংকৰ ঘটনা। যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। ফটাশিল আমবাৰীৰ চেগুণবাৰীত সংঘটিত হৈছে এই ঘটনা। পত্নীক হত্যাৰ চেষ্টা প্ৰদীপ তালুকদাৰ নামৰ লোকজনৰ। বৰ্তমান GMCHৰ ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।

 ইতিমধ্যে স্বামী প্ৰদীপ তালুকদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ফটাশিল আমবাৰী থানাত। প্ৰদীপ তালুকদাৰৰ পৰিয়ালৰ বিৰুদ্ধেও নিৰ্যাতন চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।

Post a Comment

0 Comments