জে’ললৈ প্ৰেৰণ কৰা বিকি গুপ্তাক স–সন্মানে ঘূৰাই আনিবলৈ নিৰ্দেশ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

 


পল্টনবজাৰ আৰক্ষীৰ মাৰপিটৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। জে’ললৈ প্ৰেৰণ কৰা বিকি গুপ্তাক স–সন্মানে ঘূৰাই আনিবলৈ নিৰ্দেশ ডিজিপিৰ। সংবাদ মাধ্যমৰ আগত ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয়, ‘‘জনতা আৰু আৰক্ষীৰ মাজত সু–সম্পৰ্ক ৰক্ষা কৰিবলৈ আৰক্ষীক দিয়া হৈছে দক্ষতা বিকাশ প্ৰশিক্ষণ। ঘটনাত জড়িত কেইজনে প্ৰশিক্ষণ লৈছিলহে নাই চোৱা হ'ব। এই ঘটনা ব্যতিক্রম। পূৰ্বতকৈ উন্নত হৈছে আৰক্ষীৰ ব্যৱহাৰ।’’

উল্লেখযোগ্য যে শুকুৰবাৰে পল্টনবজাৰত আৰক্ষী আৰু এগৰাকী বাইক আৰোহীৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল। এগৰাকী বাইক আৰোহীক প্ৰহাৰ কৰে কৰ্তব্যৰত আৰক্ষী কনিষ্টবলে। লগে লগে বাইক আৰোহীজনেও আৰক্ষীৰ লোকজনক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰে।

এগৰাকী মহিলা আৰু এটি কণমানি শিশুও আছিল বাইকখনত। আৰক্ষী আৰু আৰোহীজনৰ প্ৰথম অৱস্থাত তৰ্কাতৰ্কিৰ সৃষ্টি হৈছিল যদিও পিছলৈ মাৰপিটৰ ৰূপ লয়। আৰক্ষীয়ে প্ৰহাৰ কৰে বাইকৰ ওপৰত উঠি থকা লোকজনক। লোকজনেও আৰক্ষীক প্ৰহাৰ কৰাৰ চেষ্টা কৰে। ফলত বাইকৰ পৰা পৰি যায় কণমানি শিশুটিৰ লগতে বাইকখনত থকা মহিলাগৰাকী। ইয়াৰ পিছতে বিকিক প্ৰেৰণ কৰা হৈছিল জে’ললৈ।

Post a Comment

0 Comments