মহানগৰীত এতিয়াৰে পৰা উৰণীয়া সেঁতুত ৰখাব নোৱাৰিব বাছ, চিহ্নিত নকৰা স্থানত বাছ ৰখালে হ’ব শাস্তিমূলক ব্যৱস্থা

 


কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাছ আস্থান নিৰ্ণয় তথা চিটি বাছ চালকৰ দৌৰাত্ম্য ৰোধ সম্পৰ্কত জিলাবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে বুধবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিলাক্স এছ’চিয়েচন, মিনি বাছ এছ’চিয়েচন, গুৱাহাটী মেট্ৰ এছ’চিয়েচন আদি বাছ সন্থাৰ সভাপতি-সম্পাদক আৰু গুৱাহাটী পৌৰ নিগম, জিলা পৰিবহন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আদিৰ বিষয়াবৰ্গৰ লগত এখন সভা অনুষ্ঠিত কৰে। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে মহানগৰৰ উৰণীয়া সেঁতুসমূহত বাছ ৰখোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ গুৱাহাটী ট্ৰেফিক আৰক্ষীক ব্যৱস্থা লব’লৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি মহানগৰৰ ৬০টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। আনহাতে, এতিয়াৰে পৰা চালকৰ বে–আইনী কোনো কামৰ বাবে আৰু চিহ্নিত নকৰা স্থানত বাছ ৰখালে মালিকৰ পৰিৱৰ্তে বাছ চালকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত এছ বৰুৱা, যান-বাহন শাখাৰ উপ–আৰক্ষী আয়ুক্ত দেৱাশীষ বৰা আদিৰ উপৰি সংশ্লিষ্ট সকলো বিভাগৰে বিষয়া-বৰ্গ সভাত উপস্থিত থাকে।

Post a Comment

0 Comments