মুখ্যমন্ত্ৰীৰ পিছত বুধবাৰে ৰাজ্যপাল প্ৰফেছাৰ জগদীশ মুখীয়েও চালে "দ্য কাশ্মীৰ ফাইলছ"


 মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিছত বুধবাৰে ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়েও চালে "দ্য কাশ্মীৰ ফাইলছ"। "দ্য কাশ্মীৰ ফাইলছ" কথাছবিখন  ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে  পত্নীৰ সৈতে একেলগে চালে। উল্লেখ্য, এই কাৰ্যৰে গুৱাহাটীৰ ছবিগৃহত প্ৰথমবাৰলৈ কথাছবি চালে ৰাজ্যপাল জগদীশ মুখীয়ে (Prof. Jagdish Mukhi)।

দ্য কাশ্মীৰ ফাইলছ প্ৰত্যক্ষ কৰি অৱশ্যে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থকা দেখা গ'ল  ৰাজ্যপাল জগদীশ মুখীক। কিন্তু ৰাজ্যপালৰ পত্নী প্ৰেম মুখীয়ে News 18ৰ সন্মুখত কয়- ''আচ্ছা''। অৰ্থাৎ বোলছবিখন চাই ভাল পাইছে ৰাজ্যপালৰ পত্নী প্ৰেম মুখীয়ে।

উল্লেখ্য, মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো কেবিনেটৰ সতীৰ্থ মন্ত্ৰী, মিত্ৰজোঁটৰ বিধায়ক আৰু দলীয় নেতা-কৰ্মীক লগত লৈ চাইছিল "দ্য কাশ্মীৰ ফাইলছ" (The Kashmir Files) নামৰ কথাছবিখন। সেয়াই নহয়, কথাছবিখন চাবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৰ্মচাৰীসকলক উৎসাহিত কৰিছিল।

Post a Comment

0 Comments