''দ্ৰৌপদীজনীক আমাৰ বিকিলৈ আনিম, সেইটো প্ৰস্তাৱ দিছোঁ'' -ধৰ্ষণকাৰীক পঞ্চপাণ্ডৱ আৰু ধৰ্ষিতাক দ্ৰৌপদী আখ্যা দি ধৰ্ষণকাৰীৰ আত্মীয়ই দিলে বিবাহৰ প্ৰস্তাৱ


 প্ৰেয়সীক ৪ বন্ধুৰ হাতত কামনা পূৰণ কৰাৰ বাবে এৰি দিয়া গাড়ীগাঁও ধৰ্ষণ কাণ্ডক লৈ ৰাজ্যজুৰি চৰ্চা চলি থকাৰ মাজতে এইবাৰ ঘটনাৰ মূল খলনায়ক প্ৰেমিক বিকিৰ আত্মীয়ৰ ভাষ্যই সৃষ্টি কৰিছে আন এক বিতৰ্ক (Garigaon Rape Case)।

দলবদ্ধ বলাৎকাৰৰ বলি হোৱা কিশোৰীগৰাকীক মহাভাৰতৰ দ্ৰৌপদী আখ্যা দি বিকিৰ আত্মীয়ই তেওঁক বিকিলৈ বিবাহ দিয়াৰ বাবে দিছে প্ৰস্তাৱ (relative of rapists proposes to marriage)। এই প্ৰস্তাৱ দিয়ে বিকিয়ে শাস্তি পাওক বুলিয়েই। আত্মীয়ই কয়- ...ঠিক আছে, পঞ্চপাণ্ডৱ যেতিয়া হ'লেই, দ্ৰৌপদীক আমাৰ বিকিলৈকে দিয়ক, এইটো মই প্ৰস্তাৱ ৰাখিলোঁ। যিহেতু সি ভুল কৰিছে গতিকে শাস্তি পাওক, বাকী চাৰিটাক ৰাইজে অথবা চৰকাৰে বিচাৰ কৰিব। কিন্তু দ্ৰৌপদীজনীক আমাৰ বিকিলৈ আনিম, সেইটো প্ৰস্তাৱ দিছোঁ ( Rape victim girl called Draupadi)।''

OYO হোটেলত ব্লেকমেইলিং কৰি এগৰাকী নাবালিকাক কৰা ধৰ্ষণক খলনায়ক বিকিৰ আত্মীয়ই কিধৰণে গ্ৰহণ কৰিছে এয়া তাৰ নমুনা। উল্লেখ্য, এই ঘৃণনীয় ঘটনা সংঘটিত কৰা যুৱককেইগৰাকীয়ে বলাৎকাৰৰ ভিডিঅ’ও বনাইছিল।

১৯ ফেব্ৰুৱাৰীত এনে নাৰকীয় ঘটনাৰ সন্মুখীন হোৱাৰ পিছত কিশোৰীগৰাকীৰ পৰিয়ালে শেষত ঘটনা সন্দৰ্ভত পাণবজাৰ মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে। সম্প্ৰতি আটাইকেইগৰাকী অপৰাধী পলাতক অৱস্থাত আছে। আৰক্ষীয়ে আজি অভিযুক্তৰ মাতৃসকলক থানালৈ আনি সোধা-পোচা কৰে।

Post a Comment

0 Comments