মাধুৰীৰ নতুন ঘৰটোত এমাহত কিমান ভাড়া আপুনি জানেনে ? আপুনি কল্পনাও কৰিব নোৱাৰে ...


চাকৰি প্ৰাৰ্থীয়ে Employment Exchange Officeলৈ নোযোৱাকৈ ঘৰতে বহি কৰক ৰেজিষ্ট্ৰেশ্যন, এনেদৰে আগবাঢ়ক...

মাজত মাত্ৰ কেইটামান দিন বাকী। যদি এই কাম এতিয়াও কৰিবলৈ বাকী আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। অন্যথা আপুনি হয়টো বঞ্চিত হৈ পৰিব চৰকাৰী চাকৰিত আবেদন কৰাৰ পৰা।
 নিবনুৱা যুৱক-যুৱতীৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, নিয়োগ বিনিময় কেন্দ্ৰ (Employment Exchange)লৈ নোযোৱাকৈ অনলাইন যোগে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আৰু ৩১ মাৰ্চৰ পিছত চাকৰিৰ আবেদন পত্ৰ পূৰণৰ সময়ত অনলাইনৰ জৰিয়তে প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰা নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নপত্ৰ দাখিল কৰিব লাগিব। কাৰণ অহা ৩১ মাৰ্চৰ পিছত অযোগ্য বিবেচিত হ'ব অফলাইৰ জৰিয়তে কৰা পুৰণি নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নপত্ৰ।

যদি এতিয়াও আপুনি এই কাম কৰিবলৈ বাকী আছে তেন্তে এই পদ্ধতিৰে আগবাঢ়কঃ


  • https://employment.assam.gov.in/ ৱেবচাইটলৈ যাওক।

  • ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লীক কৰক। তাৰ পিছত নিজৰ নাম, ইমেইল আইডি, মোবাইল নম্বৰ, পাচৱৰ্ড দাখিল কৰক। আৰু চাবমিটত ক্লীক কৰক।

  • যদি আধাৰ কাৰ্ড আছে তেন্তে এপ্লাই উইথ আধাৰ কাৰ্ডত ক্লীক কৰক।

  • আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইলত অহা login ID and OTP/Passwordৰে লগইন কৰক।

  • তাৰ পিছত প্ৰয়োজনীয় তথ্য সমূহ প্ৰদান কৰক।

  • পিছত আপোনাৰ সকলো এডুকেশ্যনেল চাৰ্টিফিকেট ক্ৰম অনুসৰি এখন পিডিএফ ফাইলতে ৰাখি আপলোড কৰক।

  • আৰু চাবমিছন হোৱাৰ পিছতে আপুনি মেইলৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাভ কৰিব।

 

Post a Comment

0 Comments