প্ৰথমদিনাই দেশজুৰি ১২–১৪ বছৰীয়া কিশোৰ–কিশোৰীক কৰ্বেভেক্সৰ ২.৬০ লাখ ড’জ প্ৰদান!

 আৰম্ভণিৰ দিনাই ১২ৰ পৰা ১৪ বছৰ বয়সীয়া কিশোৰ–কিশোৰীসকলক ব্যাপক হাৰত কোভিড টিকাকৰণৰ নজিৰ গঢ়িলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। বুধবাৰে অৰ্থাৎ ১৬ মাৰ্চৰ পৰা আৰম্ভ হৈছে ১২–১৪ বছৰীয়া কিশোৰ–কিশোৰীসকলৰ কোভিড ১৯ টিকাকৰণ।
বুধবাৰে নিশা টুইট কৰি স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে, প্ৰথম দিনটোত দেশজুৰি ১২–১৪ বছৰ বয়সীয়া ২.৬০ লাখক ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে।

এক নিৰ্দেশনাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছিল, এই বয়সৰ (Corona Vaccination 12-14 yrs) কেবল Corbevax ভেকচিন ব্যৱহাৰ কৰা হ’ব। বায়’লজিকেল ইৰ ইন্ট্ৰামাছকুলাৰ ভেকচিন কৰ্বেভেক্সৰ দুয়োটা ড’জ ২৮ দিনৰ ব্যৱধানত ১২–১৪ বছৰ বয়সীয়াসকলক দিয়া হ’ব। মন্ত্ৰণালয়ে টুইটযোগে আৰু জনাইছে যে ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসত (National Vaccination Day) ১২–১৪ বছৰ বয়সীয়াসকলক কোৰোণাৰ ভেকচিন দিয়া কাম আৰম্ভ হৈছে। ১৫ বছৰীয়াসকলক ইতিমধ্যে ১৫–১৮ বছৰ বয়সীয়াসকলৰ শ্ৰেণীৰ ভেকচিন দিয়াৰ সময়তে প্ৰদান কৰা হৈছে টিকা।

Post a Comment

0 Comments