চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীবৃন্দৰ সৈতে চাব ‘The Kashmir Files’

 


চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্রীবৃন্দক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাব The Kashmir Files। ১৫ মার্চৰ দিনা সন্ধিয়া ৬ বজাত খ্ৰীষ্টানবস্তিৰ চিটি চেন্টাৰত পি ভি আৰ চিনেমা হলত মুখ্যমন্ত্ৰীয়ে চাব চিনেমাখন। তেওঁক সংগ দিব বহুকেইজন মন্ত্ৰী–বিধায়কে।

ইফালে সদৌ অসম চিনেমা হল মালিক সন্থাই চিনেমাখন কৰমুক্ত কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে বহু ৰাজ্যত চিনেমাখনৰ ওপৰত আমোদকৰ প্ৰত্যাহাৰ কৰা হৈছে। ৯০ৰ দশকত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা হত্যালীলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা চলচিত্ৰখনত অভিনয় কৰিছে অনুপম খেৰ আৰু মিথুন চক্ৰৱৰ্তীয়েও।

Post a Comment

0 Comments