‘কংগ্ৰেছ–AIUDFৰ সংঘাতৰ বাবে হাৰিল ৰিপুণ বৰা’, অনিচ্ছাসত্ত্বেও AIUDFক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে

 


মিত্ৰজোঁটৰ দুই বিজয়ী প্ৰাৰ্থীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থী জয়ী হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘দুয়োজন সাংসদে ভৱিষ্যতৰ দিনত অসমৰ হকে কাম কৰি যাব। এই নিৰ্বাচন যথেষ্ট কঠিন আছিল। আমি ২ বা ৩টা ভোটত জয়ী হোৱাৰ আশা কৰিছিলো। কিন্তু AIUDF–কংগ্ৰেছৰ সংঘাতে বিপুল ভোটত জয়ী কৰিলে।’’

অনিচ্ছাসত্ত্বেও AIUDFক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, আমি ভোট নালাগে বুলি কোৱাৰ পিছতো যদি কোনোৱাই ভোট দিছে সেয়া তেওঁলোকৰ নিজৰ বিষয়। বিজেপিয়ে AIUDF নিঃশেষ হোৱাটো বিচাৰে।

নৱনিৰ্বাচিত সাংসদলৈ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান – আপোনালোকে ক’ত পুজি ব্যয় কৰে ৰাজহুৱা কৰিব লাগিব। ভৱিষ্যত দিনত যাতে দুই সাংসদৰ ল’ৰা–ছোৱালীয়ে গৌৰৱ কৰিব পাৰে।

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমৰ কোনো কংগ্ৰেছীৰ ওপৰত দিল্লীৰ বিশ্বাস নাই। মই এগৰাকী প্ৰাক্তন কংগ্ৰেছী হিচাপে এই কথা ক’ব পাৰো। কংগ্ৰেছৰ এজেণ্ট বাহিৰৰ পৰা আনিব লগাটো দুৰ্ভাগ্যজনক।’’

অখিল গগৈ, CPI-Mৰ লগতে কংগ্ৰেছৰ একাংশকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

0 Comments