চুলি কটাবলৈ ওলাই যোৱা ৰিতু আৰু ঘূৰি নাহিল ঘৰলৈ! ৪ দিনৰ পিছত উদ্ধাৰ হ'ল নিথৰ দেহ

 


শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী কলগাঁৱত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পথৰ কাষৰ এটা পুখুৰীত মটৰচাইকেলসহ উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ৷ মৃত যুৱকজন গেলেকীৰ ৰিতুৰাজ শইকীয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে৷

গেলেকী কলগাঁৱৰ টংকেশ্বৰ শইকীয়াৰ পুত্ৰ ৰিতুৰাজ শইকীয়া বিগত কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লোকে ৰিতু শইকীয়া নিৰুদ্দেশ সম্পৰ্কত গেলেকী আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল ৷ কিন্তু  ৰিতুক আৰু ঘূৰাই নাপালে পৰিয়ালৰলোকে৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে উদ্ধাৰ হোৱা  মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত স্বাভাৱিকতে শোকত ভাগি পৰিছে স্থানীয় লোকসকল ৷

অমায়িক আৰু ভদ্ৰ স্বভাৱৰ লগতে সংস্কৃতিবান যুৱকজনৰ মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে যুৱকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব৷ উল্লেখযোগ্য যে, যোৱা দেওবাৰে নিজৰ মটৰচাইকেলখন লৈ চুলি কাটিবলৈ বুলি  ঘৰৰ পৰা উলাই গৈছিল যুৱকজন৷

Post a Comment

0 Comments