শিৱসাগৰত দিচাঙৰ ওপৰত নিৰ্মাণ হ’ল ব্ৰেইলী ব্ৰীজ, ৫৩ দিনৰ মূৰত সূচল হ’ল যাতায়াত


 শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী দিচাং নদীৰ ভঙা দলং জোৰা লাগিল৷ ৰাইজৰ যাতায়াতৰ সুবিধা হোৱাকৈ মুকলি হ'ল ব্ৰেইলি ব্ৰীজ। যোৱা ১৬ জানুৱাৰীত শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰত থকা একমাত্ৰ দলংখন মাজতে ভাগি পৰাত অবিভক্ত শিৱসাগৰ জিলাৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈছিল। দলংখন ভগাৰ ৫৩ দিনৰ মূৰত আজি  দলংখনৰ ভঙা অংশত এখন লোহাৰ বেইলী ব্ৰীজ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত সুচল কৰি দিয়ে৷

এই উপলক্ষে লোকনিৰ্মান বিভাগে আয়োজন কৰা দলংখনৰ  শুভ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই আৰু প্ৰাক্তন বিধায়ক কুশল দুৱৰী লগতে অ’ এন জি চি বিষয়া আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াৰ উপস্থিতিত দলংখন শুভ উদ্বোধন কৰে।

খুব কম সময়তে দিনৰাতি একাকাৰ কৰি মেকং ইঞ্জিনীয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে দলংখন নিৰ্মাণ কৰি ৰাইজক সকাহ দিলে৷ ইয়াৰ বাবে স্থানীয় ৰাইজে অসম লোক নিৰ্মাণ বিভাগ, অ’এনজিচিৰ লগতে মেকঙৰ কৰ্মচাৰী আৰু কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগে মহন আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷
আজিৰে পৰা দলংখন মুকলি হ’লেও যাতায়াতৰ ক্ষেত্ৰত কিছু শিথিলতা থাকিব ৷

উল্লেখযোগ্য যে বেইলী ব্ৰীজখনৰ বহন ক্ষমতা ৬ টন৷ গটিবেগ ২০ কিঃমিঃ প্ৰটিঘণ্টাত৷ এখন এখনকৈ বাহন পাৰ হ’ব পাৰিব৷ দলঙৰ ওপৰত যান–বাহন ৰখোৱা নিষেধ৷ দলংখনৰ ক্ষেত্ৰত এইসমূহ নিৰ্দশনা জাৰি কৰিছে অসম লোকনিৰ্মাণ বিভাগে৷

আনহাতে দলংখন যাতায়াতৰ বাবে মুকলি হ’ল যদিও উক্ত স্থানত নতুকৈ নিৰ্মাণ হ’ব লগা দলংখন বিভাগৰ সুবিধা অনুযায়ী অতি সোনকালে নিৰ্মাণ কৰাৰ আহ্বান জনায় স্থানীয় লোকসকলে৷

Post a Comment

0 Comments