উমৰাংছুৰ পাঁচকিলোত কৰুণ ঘটনা। যোৱা দুদিন ধৰি পাহাৰীয়া ডিমা হাছাও জিলাখনত হৈ থকা বৰষুণৰ বাবে আজি উমৰাংছুৰ (Umrangso) পাঁচকিলোস্থিত নিপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ হয়। প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত হোৱা জল বিস্ফোৰণৰ ফলত মৃত্যুমপুখত পৰে নীপকোৰ (NEEPCO) তিনি কৰ্মচাৰী।
শোকাৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা নীপকোৰ কৰ্মচাৰীকেইগৰাকী হৈছে যোৰহাটৰ অনুপম শইকীয়া, ডিগবৈৰ জয়ন্ত হাজৰিকা আৰু ডিমা হাছাওৰ (Dima Hasao) দেমেৰাজ জহাৰি।
উল্লেখ্য, হাইডেল প্ৰজেক্টৰৰ পানীৰ পাইপ লাইনত হোৱা জল বিস্ফোৰণ (water
blast in Umrangsu) ইমানেই ভয়াবহ আছিল যে পানীয়ে গোটেই এলেকা নিমিষতে
বুৰাই পেলায়। পানীত উটি আহে বাহন। আনহাতে ঘটনাৰ সময়ত পাম্প তথা বাল্ব হাউছত
কৰ্তব্যৰত কৰ্মীসকল পলাই যাবলৈ সক্ষম হয়।
উল্লেখ্য যে ২০১৯ চনৰ ৭
অক্টোবৰত অনুৰূপভাৱে পানীৰ পাইপ বিস্ফোৰণ হৈ নীপকোৰ চাৰিগৰাকী কৰ্মীৰ
মৃত্যু হৈছিল। কেইবা কোটি টকা ক্ষতি হৈছিল। তথ্য অনুসৰি নীপকো কৰ্তৃপক্ষৰ
হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হৈছে। অৱশ্যে এই সংক্ৰান্তৰ কৰ্তৃপক্ষই বিশেষ
একো জনোৱা নাই।
0 Comments