হোলিৰ দিনটোত যোৰহাটৰ ৰাজপথত উদণ্ড বাইক চালকৰ তাণ্ডৱ! ভয়াৱহ দুৰ্ঘটনাৰ দৃশ্য দেখিলে শংকিত হৈ উঠিব আপুনি

 


ফাকুৱাৰ দিনটোত যোৰহাট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ সুৰাপায়ী উদণ্ড যুৱকে তাণ্ডৱ চলাই যোৰহাটৰ ৰাজপথত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত সুৰাপায়ী যান-বাহন চালকৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা যোৰহাটৰ যানবাহন আৰক্ষী শিথিল হৈ পৰে বিগত সময়চোৱাত। আৰু ইয়াৰে সুযোগলৈ ফাকুৱাৰ দিন দুটাত একাংশ মাতাল যুৱকে যোৰহাটৰ ৰাজপথত সৃষ্টি কৰে তাণ্ডৱৰ।

শনিবাৰে নগৰৰ মালৌআলিত এখন মটৰচাইকেলত অহা দুজন মাতাল যুৱকে মহতিয়াই নিয়ে এখন স্কুটিত গৈ থকা দুজন যুৱকক। স্কুটিত যোৱা জিণ্টু শইকীয়া আৰু প্ৰমোদ নাথ গুৰুতৰ ভাৱে আহত হয়।

পালচাৰ বাইকত যোৱা ৰীতিশ ফুকন আৰু বিজিত দুৱৰা সহ আহত চাৰিওগৰাকীকে জেএমচিএইচত ভৰ্তি কৰা হৈছে। জিণ্টু শইকীয়া আৰু প্ৰমোদ নাথ গুৰুতৰ ভাৱে আহত হৈছে। দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।

Post a Comment

0 Comments