অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব অৰ্পণ মীৰা বৰঠাকুৰ গোস্বামীক

 


নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ চূড়ান্ত সিদ্ধান্ত। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্ব লাভ কৰে অসমৰ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে। বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ টিকটত পশ্চিম গুৱাহাটী সমষ্টিত নিৰ্বাচন খেলি যথেষ্ট ভোট লাভ কৰা মীৰা বৰঠাকুৰ গোস্বামীয়ে কম সময়ৰ ভিতৰতে সৰ্ব ভাৰতীয় কংগ্ৰেছৰ নেতৃত্বৰ আস্থা লাভ কৰিবলৈ সক্ষম হয়। যাৰ বাবে কম সময়ৰ ভিতৰতে মীৰা বৰঠাকুৰ গোস্বামীয়ে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভনেত্ৰীৰ দৰে গুৰু দায়িত্ব লাভ কৰে।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভানেত্ৰীয়ে মীৰা বৰঠাকুৰ গোস্বামীৰ নাম অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ বাবে নিৰ্বাচিত কৰাত উৎফুল্লিত হৈ পৰে মীৰা বৰঠাকুৰ। তেওঁ দলে দিয়া গুৰু দায়িত্ব পালন কৰিবলৈ সাজু হৈছে। এইক্ষেত্ৰত মীৰা বৰঠাকুৰ গোস্বামীয়ে দলীয় নেতৃত্বক ধন্যবাদ দিয়াৰ উপৰি নিজৰ কাম সুন্দৰভাৱে পালন কৰিব বুলি জানিবলৈ দিয়ে।

Post a Comment

0 Comments