পশ্চিমবংগ আৰক্ষীৰ জালত ভাস্কৰ চক্ৰৱৰ্তী, চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি দিম বুলি ধন লৈছিল ৫০ লাখ!


 প্ৰৱঞ্চনাৰ জাল পেলাই পশ্চিম বংগ আৰক্ষীৰ (Kolkata Police) জালত ভাস্কৰ চক্ৰবৰ্তী ৷ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবদ বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ পৰা  লক্ষাধিক টকা সংগ্ৰহৰ অভিযোগ আছে চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৷ বৰ্তমানে ভাৰতীয় জনতা পাৰ্টীৰ (BJP) কিষাণ মৰ্চাৰ উপ সভাপতিৰ দায়িত্বত থকা ভাস্কৰে চলাইছিল প্ৰৱঞ্চনা-প্ৰতাৰণাৰ জাল ৷

পিছে, দুৰ্নীতি, লুণ্ঠনৰ সম্ৰাট ভাস্কৰৰ বেহা বেছি দিন নচলিল ৷ এশ গৰু মাৰিলে বাঘৰো মৰণৰ দৰে পশ্চিম বংগ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ভাস্কৰ।

কলকাতা গল্ফ গ্ৰীন থানাত ২০ /২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছে ভাস্কৰৰ বিৰুদ্ধে ৷ প্ৰৱঞ্চনাৰ জাল পেলোৱা ভাস্কৰক শনিবাৰে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়ধীশ আদালতত হাজিৰ কৰি লৈ যোৱা হয় কলকাতালৈ ৷


উল্লেখ্য, ভাৰতীয় কিষাণ মৰ্চাৰ নামফলক লৈ বহিঃৰাজ্যত প্ৰৱঞ্চনা কৰা ভাস্কৰৰ লতাশিল থানাতো আছে আন এক গোচৰ ৷ 

 

Post a Comment

0 Comments