'মোৰ খং উঠিছে'- বিধায়ক হৈ থকাৰ ইচ্ছা নোহোৱা হৈছে অখিল গগৈৰ, পবিত্ৰ মাৰ্ঘেৰিটাক দিলে মধ্যভোগী আখ্যা


 'বিধায়ক হোৱাৰ ইচ্ছা হেৰুৱাইছো ৷ কিয়নো গণতন্ত্ৰত অশুভ পৰম্পৰাই গঢ় লৈছে ৷ টকাত বিধায়ক ক্ৰয় বিক্ৰয় হৈছে ৷ য'ত টকা অধিক তাতেই বিক্ৰী বিধায়ক ৷ এনে ৰাজনীতিৰ প্ৰভাৱত নিজে লাজ পাইছো ৷ কোনোৱাই লাজ পাইছেনে পোৱা নাই নাজানো কিন্তু মই লাজ পাইছো ৷'-এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

বিধানসভাৰ ভিতৰত এনেবোৰ কাণ্ড হয় বুলি হেনো কল্পনাই কৰিব পৰা নাছিল অখিল গগৈয়ে। সেয়েহে এতিয়া আৰু বিধায়ক হৈ থকাৰ ইচ্ছা নোহোৱা হৈছে অখিল গগৈৰ। লগতে মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে,  'মুখ্যমন্ত্ৰীৰ ভূমিকা লাজলগা , ভয়ানক ৷ তথা দুখলগা ৷'

ইপিনে পবিত্ৰ মাৰ্ঘেৰিটাক অখিল গগৈয়ে ভোট দিয়া বুলি চলা চৰ্চাৰ ওপৰতো মন্তব্য আগবঢ়াই শিৱসাগৰৰ বিধায়কজনে।  অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে,'পবিত্ৰ মাৰ্ঘেৰিটাক মই ভোট দিয়া বুলি কোনোৱাই অপপ্ৰচাৰ চলাইছে ৷ পবিত্ৰ এগৰাকী মধ্যভোগী ৷ এনে ব্যক্তিক মই কেতিয়াও সহায় নকৰো ৷'

Post a Comment

0 Comments