ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ! গুৱাহাটীত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি


 কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে আহ্বান জনোৱা ভাৰত বন্ধৰ মিশ্ৰিত  প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰীত। চৰকাৰৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ মহানগৰীৰ গুৱাহাটী ক্লাৱ। প্ৰতিবাদৰ সময়ত প্ৰতিবাদীকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ হতাহতি হোৱাৰো পৰিলক্ষিত হৈছে।

প্ৰতিবাদকাৰীৰ সমদলক বাধা আৰক্ষীৰ। আনকি প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়ে। উল্লেখ্য যে,  বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জন বিৰোধী নীতি প্ৰত‍্যাহাৰৰ দাবীত ২৮ আৰু ২৯ মাৰ্চত দেশজোৰা ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে ।

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চই কাৰ্যসূচীত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, শ্ৰমিক সকলক চৰকাৰী সুবিধা প্ৰদান কৰা, চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জন বিৰোধী নীতি সমূহ প্ৰত্যাহাৰ কৰা, চৰকাৰী খণ্ড সমূহৰ ব্যক্তিগত কৰণ বন্ধ কৰা আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী সমদল উলিয়াইবলৈ চেষ্টা কৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰি নিয়ে। উল্লেখ্যযোগ্য যে সোমবাৰে পুৱা ৬ বজাৰ পৰা বুধবাৰে পুৱা ৬ বজালৈকে দেশযোৰা ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে।

Post a Comment

0 Comments